Activities

স্থানীয় স্বেচ্ছাসেৱক দল গঠন প্ৰক্ৰিয়া

সমাজৰ শান্তি-সুৰক্ষাৰ বাবে নিজৰ গাঁও বা নগৰ অঞ্চলত সমাজ সুৰক্ষা বাহিনীৰ " স্থানীয় স্বেচ্ছাসেৱক দল " কেনেকৈ গঠন কৰিব ?

জানি লওক আহক :

নিজৰ সমাজখনৰ শান্তি-সুৰক্ষাৰ লগতে ৰাইজৰ সেৱা আৰু সামাজিক নিৰাপত্তাৰ বাবে নিস্বাৰ্থ মনোভাৱেৰে নিজৰ গাঁও বা নগৰ এলেকাত সমাজ সুৰক্ষা বাহিনীৰ স্থানীয় স্বেচ্ছাসেৱক দল গঠন কৰিব বিচৰাসকলে তলত দিয়া ধৰণে প্ৰচেষ্টা হাতত লওক _____

(১) প্ৰথমে নিজৰ গাঁও বা নগৰখনৰ নামেৰে ‘সমাজ সুৰক্ষা বাহিনী (গাঁও/নগৰৰ নাম)’ দি এটা WhatsApp গ্ৰুপ মুকলি কৰক। আৰু লগতে সমাজ সুৰক্ষা বাহিনীৰ Official WhatsApp no : 8133070020 নম্বৰটো গ্ৰুপত Add কৰি Admin বনাওক।

(২) মুকলি কৰা WhatsApp গ্ৰুপত নিস্বাৰ্থ মনোভাৱেৰে সমাজসেৱাৰ লগত জড়িত হৈ থকা বা নতুনকৈ সমাজসেৱাৰ লগত জড়িত হ’ব বিচৰা স্থানীয় ব্যক্তি আৰু যুৱক-যুৱতীসকলক Add কৰক।

(৩) গ্ৰুপত Add হোৱা সদস্যসকলৰ মাজত সমাজ সুৰক্ষা বাহিনীৰ নীতি-আদৰ্শ, লক্ষ্য-উদ্দেশ্য আৰু কামসমূহৰ বিষয়ে প্ৰচাৰ কৰক। আৰু নিজৰ অঞ্চলৰ অভাৱ-অভিযোগ তথা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰক।

(৪) গ্ৰুপত কমেও ২১ জন সক্ৰিয় সদস্য জড়িত হোৱাৰ পাছত কোনো এক স্থানত এখন আলোচনা সভা আয়োজন কৰক আৰু সকলো সদস্যই আবেদন পত্ৰ সংগ্ৰহ কৰি দলটোৰ এখন গ্ৰুপ ফটো তুলি সকলো নথিপত্ৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰক।

(৫) নথিপত্ৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাৰ পাছত সদস্যসকলৰ বাবে *স্বেচ্ছাসেৱক প্ৰমাণ পত্ৰ* আৰু দলটোৰ নামত এখন *বিশেষ স্বীকৃতি পত্ৰ* কাৰ্যালয়ৰ ফালৰ পৰা প্ৰেৰণ কৰা হ’ব। আৰু দলটোক অফিচিয়েলভাৱে সমাজ সুৰক্ষা বাহিনীৰ লগত জড়িত কৰা হ’ব।

(৬) কাৰ্যালয়ৰ ফালৰ পৰা স্বেচ্ছাসেৱক দলটোৱে অফিচিয়েল স্বীকৃতি লাভ কৰাৰ পাছত সক্ৰিয়ভাৱে নিজৰ অঞ্চলত সাংগঠনিক কাৰ্যকলাপ পৰিচালনা কৰিব পাৰিব আৰু সমাজ সুৰক্ষা বাহিনীৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব।

(৭) যিবোৰ স্থানীয় স্বেচ্ছাসেৱক দলে নিজৰ সমাজখনৰ শান্তি-সুৰক্ষা তথা ৰাইজৰ সেৱাৰ বাবে সক্ৰিয়ভাৱে কাম কৰিব, সেই স্বেচ্ছাসেৱক দলৰ সদস্যসকলে শিক্ষা, চিকিৎসা, স্ব-নিয়োজন, আইনী সেৱা আদি বিভিন্ন ক্ষেত্ৰত সমাজ সুৰক্ষা বাহিনীৰ ফালৰ পৰা বিশেষ সেৱা আৰু সুবিধা লাভ কৰিব।

Official WhatsApp No : 8133070020

Mission

Our Mission

১. সমাজৰ অসামাজিক তথা অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে ব্যাপক গণ-সজাগতা সৃষ্টি কৰা।
২. অন্ধবিশ্বাস, কুসংস্কাৰ আৰু অপসংস্কৃতি আদিৰ বিৰুদ্ধে বিজ্ঞানসন্মত চিন্তা-ধাৰাৰ প্ৰসাৰ ঘটোৱা।
৩. সামাজিক আৰু পাৰিবাৰিক বিবাদসমূহ শান্তি তথা আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ যত্ন কৰা।
৪. দুৰ্নীতি, প্ৰৱঞ্চনা আৰু অনিয়ম আদিৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা।
৫. সমাজৰ প্ৰতিজন ব্যক্তি, বিশেষকৈ শিশু আৰু মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ 'সমাজ প্ৰহৰী' হিচাপে কাম কৰা।
৬. প্ৰকৃতিৰ সুৰক্ষাৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে বৃক্ষৰোপণ কৰা আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাম কৰা।
৭. নিজৰ দেশৰ লগতে বিশ্বশান্তি আৰু মানৱ সমাজৰ কল্যাণৰ বাবে কাম কৰা।

Vision

Our Vision

সমাজৰ শান্তি তথা ৰাইজৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰাৰ লগতে প্ৰকৃতিৰ সুৰক্ষা আৰু বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা।