Welcome to

SPF ASSAM

19+ Activities
2+ Members
1+ Events
Latest Updates
  • NE8 NEWS ASOM
  • SPF BUSINESS GROUP
  • সৰ্ব ধৰ্মীয় সমাজ
  • স্থানীয় স্বেচ্ছাসেৱক দল গঠন
Community service
About Organization

About Us

বৰ্তমান আমাৰ সমাজখন এক ভয়াৱহ ধ্বংসৰ দিশে গতি কৰিছে। সমাজত দিনক দিনে বৃদ্ধি পোৱা হিংসা, হত্যা, অন্যায়-অত্যাচাৰ, দুৰ্নীতি, অপহৰণ আৰু ধৰ্ষণৰ লগতে পৰিয়ালকেন্দ্ৰিক সমস্যাসমূহে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ কবলত পৰি প্ৰতিদিনে হাজাৰ হাজাৰ নিৰীহ লোক বলি হ’ব লগা হৈছে, যাৰ ফলত সমাজৰ শান্তি-সুৰক্ষা সম্পূৰ্ণৰূপে হেৰাই গৈছে। ঘৰৰ ভিতৰতেই হওক বা বাহিৰতেই হওক— পুৰুষ, মহিলা বা শিশু, আজি কোনেও কতো সুৰক্ষিত নহয়। যিখন সমাজত সন্তান নিজ পিতৃ-মাতৃৰ হাততেই সুৰক্ষিত নহয়, তেনেস্থলত আপুনি বা আপোনাৰ পৰিয়ালটো কেনেকৈ সুৰক্ষিত হ’ব?

সমাজত এনে সমস্যাসমূহ কিয় ইমান দ্ৰুতগতিত বৃদ্ধি পাইছে, সেই বিষয়ে আমি কেতিয়াবা গভীৰভাৱে চিন্তা কৰিছোঁনে? নিজৰ সমাজখনৰ শান্তি-সুৰক্ষাৰ বাবে প্ৰতিজন নাগৰিকৰে কিছুমান বিশেষ দায়িত্ব আৰু কৰ্তব্য থাকে। কিন্তু আজি বেছিভাগ লোকেই কেৱল চৰকাৰ বা আৰক্ষী-প্ৰশাসনৰ ওপৰত দোষ জাপি দি নিজৰ দায়িত্ব সামৰিব বিচাৰে। এই আধুনিক আৰু যান্ত্ৰিক যুগত সময় তথা সচেতনতাৰ অভাৱৰ বাবেই আজি সমাজৰ এই কৰুণ অৱস্থা হৈছে। যদি এতিয়াও ৰাইজ সজাগ-সচেতন নহয় আৰু নিজৰ সামাজিক দায়বদ্ধতাসমূহ সঠিকভাৱে পালন নকৰে, তেন্তে অতি কম দিনৰ ভিতৰত আমাৰ সমাজখন সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিব। আৰু তেনে এখন বিপৰ্যস্ত সমাজত মানুহৰ জীৱন যাত্ৰা কিমান ভয়াৱহ হ’ব, সেয়া আজি হয়তো কোনেও কল্পনাও কৰিব নোৱাৰিব।

সেয়েহে, এই ভয়াৱহ সমস্যাসমূহৰ বিৰুদ্ধে ৰাইজৰ মাজত এক 'গণ-জাগৰণ' সৃষ্টি কৰি এখন শান্তিপূৰ্ণ, সুন্দৰ আৰু সুৰক্ষিত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে গঠন কৰা হৈছে— "সমাজ সুৰক্ষা বাহিনী" (এক সামাজিক স্বেচ্ছাসেৱী সংগঠন)। এই সংগঠনে সমাজৰ সমস্যাসমূহৰ বিৰুদ্ধে সদায় ৰাইজৰ কাষত থাকি সকলো সময়তে, সকলো স্থানতে ৰাইজৰ সেৱা আৰু সুৰক্ষাৰ বাবে সম্পূৰ্ণ সামাজিক তথা শান্তিপূৰ্ণ পদ্ধতিৰে কাম কৰিবলৈ সংকল্পবদ্ধ হৈছে।


📌 সদস্যসকলৰ বাবে সেৱা আৰু সুবিধাসমূহ:

(১) সামাজিক সুৰক্ষা: কোনো সদস্য বা তেওঁৰ পৰিয়ালৰ লোক কোনো সামাজিক সমস্যাৰ সন্মুখীন হ’লে সংগঠনৰ তৰফৰ পৰা সহায় কৰা হ’ব।

(২) আৰ্থিক সেৱা: আৰ্থিকভাৱে দুৰ্বল সদস্যসকলৰ আৰ্থিক ভেটি সৱল কৰিবলৈ বিভিন্ন ফলপ্ৰসূ পদক্ষেপ হাতত লোৱা হ’ব।

(৩) শিক্ষা ক্ষেত্ৰত সেৱা: ছাত্ৰ-ছাত্ৰী সদস্যসকলৰ উচ্চশিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰা হ’ব।

(৪) ব্যৱসায়িক সেৱা: যিসকল সদস্যই নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেওঁলোকক ঋণৰ সুবিধা, প্ৰশিক্ষণ আৰু মাৰ্কেটিং আদি বিভিন্ন দিশত সহায় কৰা হ’ব।

(৫) নিয়োগ সেৱা: শিক্ষিত আৰু নিবনুৱা সদস্যসকলক সংস্থাপনৰ সন্ধান দিয়াৰ লগতে ব্যক্তিগত খণ্ডৰ বিভিন্ন খালী পদত চাকৰিৰ সুযোগ প্ৰদান কৰাত সহায় কৰা হ’ব।

(৬) চিকিৎসা সেৱা: কোনো সদস্য জটিল ৰোগত আক্ৰান্ত হ’লে বা দুৰ্ঘটনাত পতিত হ’লে, তেওঁক বিশেষভাৱে চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ চেষ্টা কৰা হ’ব।

(৭) আইনী সেৱা: যদি কোনো সদস্য অন্যায়ৰ চিকাৰ হয় বা আইনী সমস্যাৰ সন্মুখীন হয়, তেন্তে তেওঁক প্ৰয়োজনীয় আইনী পৰামৰ্শ আৰু সহায় আগবঢ়োৱা হ’ব।

💡 বিশেষ দ্ৰষ্টব্য: যদি কোনো ব্যক্তিয়ে একেৰাহে অন্ততঃ ৭ বছৰ "স্বেচ্ছাসেক" হিচাপে সক্ৰিয় দায়িত্ব পালন কৰে, তেন্তে সেই সদস্যগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত 'সমাজ সুৰক্ষা বাহিনী'য়ে বিশেষ দায়িত্ব পালন কৰিব। তদুপৰি, কোনো সক্ৰিয় সদস্যৰ অকাল মৃত্যু হ’লে, তেওঁৰ বৃদ্ধ পিতৃ-মাতৃ, পৰিয়াল তথা সন্তানৰ ভৱিষ্যত সুৰক্ষা আৰু সকলো প্ৰকাৰৰ সহায়ৰ বাবে সংগঠনে সৰ্বোচ্চ চেষ্টা কৰিব।

এই কাম-কাজসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ প্ৰতিটো অঞ্চলতে স্থানীয় সচেতন ৰাইজ তথা যুৱক-যুৱতীসকলক লৈ 'সমাজ সুৰক্ষা বাহিনী'ৰ অধীনত তলত দিয়া উপ-বাহিনীসমূহ গঠন কৰা হ’ব:

১. নাৰী সেৱা বাহিনী
২. ছাত্ৰ সেৱা বাহিনী
৩. কৃষক সেৱা বাহিনী
৪. শ্ৰমিক সেৱা বাহিনী
৫. চালক সেৱা বাহিনী
৬. কৰ্মচাৰী সেৱা বাহিনী
৭. খেলুৱৈ সেৱা বাহিনী
৮. ব্যৱসায়ী সেৱা বাহিনী
৯. শিল্পী সেৱা বাহিনী
১০. সদস্য সেৱা বাহিনী

🤝 আপোনালৈ আমাৰ বিনম্ৰ আহ্বান:

বৰ্তমানৰ এই জটিল সময়ত সমাজখনক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰাটো এক কঠিন কাম, কিন্তু এই অসম্ভৱক সম্ভৱ কৰিব নোৱাৰিলে এই সমাজত আমাৰ-আপোনাৰ কাৰোৰে জীৱন যাত্ৰা নিৰাপদ হৈ নাথাকিব। সেয়ে সময় থাকোতেই আমি প্ৰতিজন নাগৰিক সজাগ-সচেতন হ’ব লাগিব। নিজৰ সমাজখনৰ প্ৰতি থকা সামাজিক দায়বদ্ধতা সক্ৰিয়ভাৱে পালন কৰিবলৈ প্ৰতিজন সচেতন ব্যক্তিয়ে আগবাঢ়ি আহিব লাগিব। তেতিয়াহে সমাজৰ লগতে আমি নিজক আৰু নিজৰ আপোন পৰিয়ালটোক সুৰক্ষিত কৰিব পাৰিম।

আহক, আমি সকলোৱে জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ এখন শান্তিপূৰ্ণ আৰু সুৰক্ষিত সমাজ প্ৰতিষ্ঠাৰ বাবে সংকল্পবদ্ধ হওঁ। আপোনালোকৰ আশীৰ্বাদ, দিহা-পৰামৰ্শ, সহায়-সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণ আমি আন্তৰিকতাৰে কামনা কৰিলোঁ।

📞 যোগাযোগৰ নম্বৰ:
WhatsApp No: 8133070020

(আপোনাৰ যিকোনো মতামত, পৰামৰ্শ বা অভাৱ-অভিযোগৰ বিষয়ে জনাবলৈ আমালৈ SMS বা WhatsApp কৰিব পাৰে।)

Read More

Become a Member

Join our NGO community and support meaningful social work with us.

Apply Membership
Activities

Activities

View All
NE8 NEWS ASOM

NE8 NEWS ASOM

📌স্বেচ্ছাসেৱক আৰু সদস্যসকলৰ দায়িত্বসমূহ। (১) ৰাজ্যিক স্বেচ্ছাসেৱক_ দায়িত্ব: ৰাজ্যখনৰ প্ৰতিখন জিলাত নিস্বাৰ্থ সেৱাৰ মনোভাৱ ৰাখি সৎ-সাহসেৰে সমাজৰ শান্তি-সুৰক্ষাৰ লগতে মানৱ সেৱা আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে সক্ৰিয় দায়িত্ব পালন কৰিব পৰা যোগ্য আৰু অভিজ্ঞ ব্যক্তিক 'জিলা স্বেচ্ছাসেৱক'ৰ দায়িত্ব প্ৰদান কৰা। (২) জিলা স্বেচ্ছাসেৱক_ দায়িত্ব: নিজৰ জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়ত, নগৰ আৰু পৌৰসভা এলেকাত নিস্বাৰ্থ সেৱাৰ মনোভাৱ থকা সৎ-সাহসী ব্যক্তিসকলক 'বিশেষ স্বেচ্ছাসেৱক'ৰ দায়িত্ব দিয়া আৰু তেওঁলোকৰ কাম-কাজসমূহ পৰিচালনা কৰাত সহযোগিতা কৰা। (৩) বিশেষ স্বেচ্ছাসেৱক_ দায়িত্ব: নিজৰ নিয়োজিত অঞ্চলত স্থানীয় স্বেচ্ছাসেৱক দল গঠন কৰিবলৈ "সেৱা নায়ক / নায়িকা"ৰ দায়িত্ব প্ৰদান কৰা আৰু গঠন কৰা স্বেচ্ছাসেৱক দলসমূহ পৰিচালনা কৰিবলৈ দিহা-পৰামৰ্শ আৰু সহযোগিতা প্ৰদান কৰা। (৪) সেৱা নায়ক / সেৱা নায়িকা_ দায়িত্ব: নিজৰ গাঁও বা নগৰ এলেকাত কমেও ৭ ৰ পৰা ২১ জন সদস্য-সদস্যাৰ মাজত এটা "স্থানীয় স্বেচ্ছাসেৱক দল" গঠন কৰা আৰু নিজৰ নিজৰ সমাজখনৰ শান্তি-সুৰক্ষাৰ লগতে ৰাইজৰ সেৱা আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাত নেতৃত্ব প্ৰদান কৰা। (৫) স্বেচ্ছাসেৱক_ দায়িত্ব: নিজৰ অঞ্চলত গঠন কৰা স্থানীয় স্বেচ্ছাসেৱক দলৰ লগত জড়িত হৈ সমাজৰ শান্তি-সুৰক্ষাৰ লগতে ৰাইজৰ সেৱা আৰু প্ৰকৃতি সংৰক্ষণৰ স্বাৰ্থত সক্ৰিয়ভাৱে দায়িত্ব পালন কৰা। (৬) বিশেষ সদস্য _ দায়িত্ব: বাৰ্ষিক বৰঙণি বা আৰ্থিক সাহায্য প্ৰদান কৰি স্থানীয় স্বেচ্ছাসেৱক দল আৰু জিলা স্বেচ্ছাসেৱক দলৰ কাৰ্যকলাপ পৰিচালনা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়-সহযোগিতা প্ৰদান কৰা। (৭) সাধাৰণ সদস্য _ দায়িত্ব: নিজৰ অঞ্চলত গঠন কৰা যিকোনো এটা "স্থানীয় স্বেচ্ছাসেৱক দল"ৰ লগত জড়িত হৈ সমাজৰ শান্তি-সুৰক্ষাৰ লগতে ৰাইজৰ সেৱা আৰু প্ৰকৃতিৰ সংক্ষণৰ বাবে সামাজিক দায়বদ্ধতা পালন কৰা।

Read More
সৰ্ব ধৰ্মীয় সমাজ

সৰ্ব ধৰ্মীয় সমাজ

.....

Read More
Leadership

Management Team

View All
BHARAT MAHAT ID NO : 000249
Leadership

BHARAT MAHAT

BAKSA ( ASSAM )

KANMANI NATH ID NO : 000247
Leadership

KANMANI NATH

BAKSA ( ASSAM )

NABAJYOTI SAIKIA ID NO : 000243
Leadership

NABAJYOTI SAIKIA

GOLAGHAT ( ASSAM )

DHANUSHMITA DOLEY ID NO : 000244
Leadership

DHANUSHMITA DOLEY

DHEMAJI ( ASSAM )

RUPANJALI MAHANTA ID NO : 000301
Leadership

RUPANJALI MAHANTA

KAMRUP - M ( ASSAM )

Message

President Message

প্ৰতিজন সচেতন ৰাইজলৈ আহ্বান 🙏

আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে বৰ্তমান আমাৰ সমাজ ব্যৱস্থা এক ধ্বংসাত্মক পথৰ দিশে গতি কৰিছে। হিংসা, হত্যা, অন্যায়-অত্যাচাৰ, শোষণ-দমন, দুৰ্নীতি, প্ৰৱঞ্চনা, অপহৰণ, ধৰ্ষণ, কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ দৰে ভয়াবহ সমস্যাসমূহে দিনক দিনে সমগ্ৰ সমাজখনকে গ্ৰাস কৰিবলৈ ধৰিছে। যাৰ ফলত সাধাৰণ নাগৰিকৰ নিৰাপত্তা আৰু মনৰ শান্তি সম্পূৰ্ণৰূপে হেৰাই গৈছে। প্ৰতিদিনেই ইয়াৰ বলি হ’ব লগা হৈছে হাজাৰ হাজাৰ নিৰীহ লোক।

কেতিয়া, ক’ত, কাৰ লগত কি দুৰ্ঘটনা ঘটে—কোনেও নাজানে। ঘৰৰ ভিতৰতেই হওক বা বাহিৰতেই হওক, আজি কোনো ক’তো সুৰক্ষিত নহয়। পুৱা বাতৰি কাকত বা নিউজ চেনেলত চকু দিলেই সমাজখনৰ এই কৰুণ আৰু নিষ্ঠুৰ ছবিখন স্পষ্ট হৈ পৰে, য’ত সাধাৰণ কথাতেই একোটা মানৱ জীৱন কাঢ়ি লোৱাটো যেন এক স্বাভাৱিক ঘটনাত পৰিণত হৈছে! আনকি আৰক্ষীৰ সন্মুখতে নৃশংসভাৱে লোকক হত্যা কৰা ঘটনাও আমাৰ নিজৰ অসমতেই দেখিবলৈ পোৱা গৈছে, য’ত সেনা-আৰক্ষীৰ লোকেও অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

এবাৰ গভীৰভাৱে চিন্তা কৰক—আমি কেনে এখন সমাজত বাস কৰিছোঁ? যিখন সমাজত জন্মদাত্ৰী মাতৃয়ে নিজৰ কনমানি শিশুক জাবৰৰ দমত দলিয়াই থৈ যায় আৰু পিতৃয়ে নিজ কন্যাক ধৰ্ষণ কৰাৰ দৰে পাষাণ ঘটনা শুনিবলৈ পোৱা যায়, তেনে এখন সমাজত আপুনি বা আপোনাৰ পৰিয়ালটো কিয় আৰু কিমান দূৰ সুৰক্ষিত? আপুনি এজন সাধাৰণ কৃষক-শ্ৰমিকেই হওক বা উচ্চপদস্থ মন্ত্ৰী-বিষয়াই হওক—বৰ্তমান সময়ত আমাৰ সমাজখনত কোনো এজন লোকেই সম্পূৰ্ণ সুৰক্ষিত নহয়।

সমাজত সঁচা অৰ্থত ’সচেতন লোক’ৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাৰ বাবেই এনেবোৰ অসামাজিক ঘটনা অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। যদিহে আজি আমি সমাজখনৰ সুৰক্ষাৰ বাবে কোনো দৃঢ় পদক্ষেপ গ্ৰহণ নকৰোঁ, তেন্তে অতি কম দিনৰ ভিতৰতেই আমাৰ গোটেই সমাজ ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিব আৰু অনাগত দিনত আমি কল্পনাতীত ভয়াবহ পৰিস্থিতিৰ মুখামুখি হ’ব লাগিব।

অৱশ্যে বৰ্তমানৰ এই বিষাক্ত পৰিৱেশৰ পৰা সমাজখনক পুনৰ সুৰক্ষিত কৰি তোলাটো অতি কঠিন কাম, কিন্তু এই অসম্ভৱক সম্ভৱ কৰি তুলিব নোৱাৰিলে এই সমাজত আমাৰ বা আমাৰ সন্তানৰ ভৱিষ্যৎ জীৱনযাত্ৰা কেতিয়াও সুৰক্ষিত হৈ নাথাকে। সেয়েহে আমি হাত সাৱটি বহি নাথাকি, সময় থাকোঁতেই প্ৰতিজন সচেতন ৰাইজ আগবাঢ়ি আহিব লাগিব। সঠিক চিন্তা, পৰিকল্পনা আৰু গৱেষণাৰ মাধ্যমেৰে আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব।

আহক, আমি প্ৰতিজন সচেতন ৰাইজে জাতি, ধৰ্ম, ভাষা আৰু বৰ্ণৰ উৰ্ধ্বত উঠি একত্ৰিত হওঁ। নিজৰ সামাজিক দায়বদ্ধতা আন্তৰিকতাৰে পালন কৰি সকলোৰে বাবে এখন সুন্দৰ, শান্তিপূৰ্ণ আৰু সুৰক্ষিত সমাজ গঢ়ি তুলিবলৈ সংকল্পবদ্ধ হওঁ।

ধন্যবাদেৰে,

সৌৰভ হাজৰীকা
(মুখ্য স্বেচ্ছাসেৱক — সমাজ সুৰক্ষা বাহিনী)

Read Message
President message
Mission

Our Mission

১. সমাজৰ অসামাজিক তথা অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে ব্যাপক গণ-সজাগতা সৃষ্টি কৰা।
২. অন্ধবিশ্বাস, কুসংস্কাৰ আৰু অপসংস্কৃতি আদিৰ বিৰুদ্ধে বিজ্ঞানসন্মত চিন্তা-ধাৰাৰ প্ৰসাৰ ঘটোৱা।
৩. সামাজিক আৰু পাৰিবাৰিক বিবাদসমূহ শান্তি তথা আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ যত্ন কৰা।
৪. দুৰ্নীতি, প্ৰৱঞ্চনা আৰু অনিয়ম আদিৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা।
৫. সমাজৰ প্ৰতিজন ব্যক্তি, বিশেষকৈ শিশু আৰু মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ 'সমাজ প্ৰহৰী' হিচাপে কাম কৰা।
৬. প্ৰকৃতিৰ সুৰক্ষাৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে বৃক্ষৰোপণ কৰা আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কাম কৰা।
৭. নিজৰ দেশৰ লগতে বিশ্বশান্তি আৰু মানৱ সমাজৰ কল্যাণৰ বাবে কাম কৰা।

Vision

Our Vision

সমাজৰ শান্তি তথা ৰাইজৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰাৰ লগতে প্ৰকৃতিৰ সুৰক্ষা আৰু বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা।