📌স্বেচ্ছাসেৱক আৰু সদস্যসকলৰ দায়িত্বসমূহ।
(১) ৰাজ্যিক স্বেচ্ছাসেৱক_
দায়িত্ব: ৰাজ্যখনৰ প্ৰতিখন জিলাত নিস্বাৰ্থ সেৱাৰ মনোভাৱ ৰাখি সৎ-সাহসেৰে সমাজৰ শান্তি-সুৰক্ষাৰ লগতে মানৱ সেৱা আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে সক্ৰিয় দায়িত্ব পালন কৰিব পৰা যোগ্য আৰু অভিজ্ঞ ব্যক্তিক 'জিলা স্বেচ্ছাসেৱক'ৰ দায়িত্ব প্ৰদান কৰা।
(২) জিলা স্বেচ্ছাসেৱক_
দায়িত্ব: নিজৰ জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়ত, নগৰ আৰু পৌৰসভা এলেকাত নিস্বাৰ্থ সেৱাৰ মনোভাৱ থকা সৎ-সাহসী ব্যক্তিসকলক 'বিশেষ স্বেচ্ছাসেৱক'ৰ দায়িত্ব দিয়া আৰু তেওঁলোকৰ কাম-কাজসমূহ পৰিচালনা কৰাত সহযোগিতা কৰা।
(৩) বিশেষ স্বেচ্ছাসেৱক_
দায়িত্ব: নিজৰ নিয়োজিত অঞ্চলত স্থানীয় স্বেচ্ছাসেৱক দল গঠন কৰিবলৈ "সেৱা নায়ক / নায়িকা"ৰ দায়িত্ব প্ৰদান কৰা আৰু গঠন কৰা স্বেচ্ছাসেৱক দলসমূহ পৰিচালনা কৰিবলৈ দিহা-পৰামৰ্শ আৰু সহযোগিতা প্ৰদান কৰা।
(৪) সেৱা নায়ক / সেৱা নায়িকা_
দায়িত্ব: নিজৰ গাঁও বা নগৰ এলেকাত কমেও ৭ ৰ পৰা ২১ জন সদস্য-সদস্যাৰ মাজত এটা "স্থানীয় স্বেচ্ছাসেৱক দল" গঠন কৰা আৰু নিজৰ নিজৰ সমাজখনৰ শান্তি-সুৰক্ষাৰ লগতে ৰাইজৰ সেৱা আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাত নেতৃত্ব প্ৰদান কৰা।
(৫) স্বেচ্ছাসেৱক_
দায়িত্ব: নিজৰ অঞ্চলত গঠন কৰা স্থানীয় স্বেচ্ছাসেৱক দলৰ লগত জড়িত হৈ সমাজৰ শান্তি-সুৰক্ষাৰ লগতে ৰাইজৰ সেৱা আৰু প্ৰকৃতি সংৰক্ষণৰ স্বাৰ্থত সক্ৰিয়ভাৱে দায়িত্ব পালন কৰা।
(৬) বিশেষ সদস্য _
দায়িত্ব: বাৰ্ষিক বৰঙণি বা আৰ্থিক সাহায্য প্ৰদান কৰি স্থানীয় স্বেচ্ছাসেৱক দল আৰু জিলা স্বেচ্ছাসেৱক দলৰ কাৰ্যকলাপ পৰিচালনা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়-সহযোগিতা প্ৰদান কৰা।
(৭) সাধাৰণ সদস্য _
দায়িত্ব: নিজৰ অঞ্চলত গঠন কৰা যিকোনো এটা "স্থানীয় স্বেচ্ছাসেৱক দল"ৰ লগত জড়িত হৈ সমাজৰ শান্তি-সুৰক্ষাৰ লগতে ৰাইজৰ সেৱা আৰু প্ৰকৃতিৰ সংক্ষণৰ বাবে সামাজিক দায়বদ্ধতা পালন কৰা।